অনুপৰম সুতাৰে কেতিয়াও কোনো বাদ্যযন্ত্ৰ বজাই পোৱা নাই, কিন্তু কোনডাল কাঠৰ ভাল বাদ্যযন্ত্ৰ এটা বনাব পৰা যাব, সেয়া তেওঁ ভালকৈ জানে। “মোক এটুকুৰা কাঠ দিয়া আৰু মই কৈ দিম, তাৰ পৰা ভাল বাদ্যযন্ত্ৰ এটা বনাব পৰা যাব নে নাই,” অষ্টমটো প্ৰজন্মৰ খৰতাল নিৰ্মাতাগৰাকীয়ে কয়।
ৰাজস্থানৰ লোকগীত আৰু ভক্তিমূলক গীতত ব্যৱহাৰ কৰা এই ঘাতবাদ্য খৰতাল চাৰিটা টুকুৰাৰে বনোৱা হয় আৰু প্ৰতিখন হাতত দুটাকৈ টুকুৰা থাকে - এটুকুৰা বুঢ়া আঙুলিৰে ধৰা হয় আৰু আনটো বাকী চাৰিটা আঙুলিৰে ধৰা হয়। চাপৰি বজোৱাৰ দৰে বজালে ঠনঠনকৈ শব্দ উঠে। এই ঘাতবাদ্যত দুটাই ধ্বনিগোট থাকে - তা আৰু কা। “কলাকাৰ বনৱাতে হ্যে (সংগীতজ্ঞসকলে খৰতাল বনোৱায়),” ৫৭ বৰ্ষীয় কাৰিকৰজনে কয়।
মঞ্জিৰা বা খৰতালাৰ দৰে ৰাজস্থানী খৰতালত অৱশ্যে কোনো জুনুকাজাতীয় বেল লগোৱা নাথাকে।
সুনিপুণ কাৰিকৰজনে কেৱল দুঘণ্টাতে চাৰি টুকুৰাৰ এই ছেট এটা বনাব পাৰে। “আগতে গোটেই দিনটো লাগিছিল (আঠ ঘণ্টা),” এইবিধ বাদ্যযন্ত্ৰ বনোৱাৰ প্ৰাৰম্ভিক কালছোৱাৰ কথা তেওঁ মনত পেলাই কয়। অনুপৰমৰ পৰিয়ালে খৰতাল বনোৱাৰ ইতিহাস প্ৰায় দুটা শতিকা পুৰণি: “বছপন সে য়েহী কাম হ্যে হমাৰা (সৰুৰে পৰা এই কামকে কৰি আহিছো।”
তেওঁৰ পিতৃ উছলাৰাম এগৰাকী বৰ দয়ালু শিক্ষক আছিল, তেওঁ কয়। তেওঁ বৰ ধৈৰ্য্য সহকাৰে তেওঁক শিকাইছিল। “মোৰ বহুত ভুল হৈছিল, লেকিন ৱৌ কভি নহী চিল্লাতে থে, প্যাৰ সে সমজাতে থে (তেওঁ কেতিয়াও মোৰ ওপৰত খং কৰা নাছিল, বৰ মৰমেৰে শিকাইছিল)।” উল্লেখ্য যে সুতাৰ সম্প্ৰদায়ৰ কেৱল পুৰুষেই খৰতাল বনোৱা কাম কৰে।
বাওঁফালে: খৰতাল বনোৱাৰ বাবে উপযোগী কাঠ বাছি উলিওৱাটোৰ অতিশয় গুৰুত্বপূৰ্ণ, তেওঁ কয়। সোঁফালে: অনুপৰমৰ কৰ্মশালাত পাৰম্পৰিক সঁজুলিসমূহ। বাওঁফালৰ পৰা সোঁফাললৈ: পেচকাচ (দুটা), নইয়া (চাৰিটা), চৰ্ছি বিন্দা (দুটা), আৰু দুটা পেচকাচ, এটা ফাইল আৰু এটা মাৰফা
অনুপুৰমে কামাইচা আৰু সাৰংগীও (বাওঁফালে) বনায়, জয়ছেলমেৰৰ এয়া অতি জনপ্ৰিয় বাদ্যযন্ত্ৰ। তেওঁ সুক্ষ্ম ফুল কটা দুৱাৰো বনায় (সোঁফালে)। অনুপৰমে এনে এখন দুৱাৰ নিৰ্মাণ কৰোঁতে প্ৰায় এসপ্তাহ সময় লয়
বাৰ্মাৰ জিলাৰ হৰছানি গাঁৱৰ পৰা অনুপৰমে ১৯৮১ত জয়ছেলমেৰলৈ কামৰ সন্ধানত আহিছিল। “বাঢ়ৈ হিচাপে গাঁৱত বৰ বিশেষ কাম পোৱা নগৈছিল।” এইগৰাকী পাকৈত বাঢ়ৈয়ে আন বাদ্যযন্ত্ৰ যেনে হাৰমনিয়াম, কামাইচা, সাৰংগী আৰু বীণা আদিও বনাব জানে যদিও “তেনেবোৰৰ অৰ্ডাৰ পোৱাই নাযায়,” তেওঁ কয়। কামাইচা আৰু সাৰংগী বনাবলৈ তেওঁক এসপ্তাহমান লাগে, সেয়া ক্ৰমে ৮ হাজাৰ আৰু ৪ হাজাৰ টকাত বিক্ৰী হয়।
বাদ্যযন্ত্ৰ বনোৱাৰ উপৰিও তেওঁ সুক্ষ্ম সুক্ষ্ম ফুল কটা দৰ্জাও বনাব পাৰে। এনে ফুল খোদিত দৰ্জা জয়ছেলমেৰৰ স্থাপত্যকলাৰ নিদৰ্শন। তেওঁ চকী আৰু কাঠৰ আচবাব যেনে আলমাৰি আৰু ড্ৰেছিং ইউনিট আদিও বনায়।
ৰাজস্থানৰ জয়ছেলমেৰ আৰু যোধপুৰ জিলাত শীশম (ডালবেৰ্জিয়া চিছু) বা চফেদা (ইউকেলিপ্টাছ)ৰ কাঠৰ পৰা খৰতাল বনোৱা হয়। খৰতাল বনাবলৈ হ’লে প্ৰথমটো গুৰুত্বপূৰ্ণ কাম হৈছে উপযুক্ত কাঠ এটুকুৰা বাছি উলিওৱা। “দেখ কে লেনা পড়তা হ্যে (চাই-চিতি কাঠ কিনিব লাগে),” তেওঁ কয়। “নতুন প্ৰজন্মই খৰতালৰ দৰে বাদ্যযন্ত্ৰ বনাবলৈ সঠিক কাঠ চিনাক্ত কৰিবই নাজানে।”
খৰতাল বনাবলৈ অনুপৰমে জয়ছেলমেৰৰ পৰা শীশম আৰু চফেদা কাঠ কিনি আনে যদিও আজিকালি সঠিক কাঠ বিচাৰি উলিওৱাটো বৰ কঠিন কাম হৈ পৰা বুলি তেওঁ কয়।
চাৰি টুকুৰাযুক্ত খৰতালৰ ছেট এটা বনাবলৈ তেওঁ ২.৫ ফুট দীঘল কাঠৰ টুকুৰা লয়। সিমানখিনি কাঠ কিনোতে খৰছ হয় ১৫০ টকা। তাৰপিছত জোখ লয়: ৭.২৫ ইঞ্চি দৈৰ্ঘ্য, ২.২৫ ইঞ্চি পুতল আৰু ৬ মিলিমিটাৰ দ, সেইমতে তেওঁ কৰতেৰে কাটি লয়।
“বুৰাদা উড়তা হ্যে আৰু নাক, আঁখ ম্যে চলা জাতা হ্যে (কাঠৰ গুড়িবোৰ উৰে আৰু চকুৱে-মুখে সোমায়),” তেওঁ কয়। এনেকৈ তেওঁ বৰকৈ কাঁহ উঠে। মাস্ক পিন্ধিও কাম কৰা মস্কিল। আঠ ঘণ্টা মাস্ক পিন্ধি কাম কৰিলে উশাহ বন্ধ হৈ যোৱা যেন লাগে। “তাতে আকৌ জয়ছেলমেৰত যিহে গৰম পৰে, আৰু বেয়া অৱস্থা হয়,” গ্ৰীষ্মৰ দিনত ৪৫ ডিগ্ৰী ছেলচিয়াছ গৰম পৰা চহৰখনৰ উষ্ণতাৰ প্ৰসংগ টানি তেওঁ কয়।
অনুপৰমে খৰতালৰ জোখকেইটা দাগ দি লৈছে (বাওঁফালে): দীঘলে ৭.২৫ ইঞ্চি আৰু পুতলে ২.২৫ ইঞ্চি। তাৰপিছত কৰতেৰে সেই জোখত কাঠডাল (সোঁফালে) চাৰিটা ভাগত কাটিছে
ৰেণ্ডা ব্যৱহাৰ কৰি তেওঁ কাঠৰ উপৰিভাগ মিহি কৰিছে (বাওঁফালে), তাৰপিছত খৰতালৰ চুককেইটা মিহি কৰিছে
কাঠডাল টুকুৰা কৰি লোৱাৰ পিছত তেওঁ ৰেণ্ডাৰে পৃষ্ঠভাগ মিহি কৰিছে। “এই কাম বৰ সাৱধানতাৰে কৰিব লাগে। সামান্য ভুল কৰিলেও আপুনি সেইটুকুৰা কাঠ এৰি আন এটুকুৰা ল’বলগীয়া হ’ব,” তেওঁ কয়। খৰতালৰ ইটো টুকুৰাৰ পৃষ্ঠত সিটোৰে আঘাত কৰিলেহে সাংগীতিক সুৰ ওলায়, পৃষ্ঠভাগৰ ক্ৰুটি থকা মানে সাংগীতিক সুৰৰ বিসংগতি হোৱাটো অনিবাৰ্য্য।
বহুবাৰ কৰতে তেওঁৰ আঙুলি কাটিছে, হাতুৰী কোবালেও তেওঁ কেতিয়াবা দুখ পায়। কিন্তু তেওঁৰ যি কাম, সেই কামত এইবোৰ সাধাৰণ কথা। তেওঁৰ পিতৃ উছলাৰামেও এনেকৈ কামৰ সময়ত প্ৰায়ে আঘাত পাইছিল, তেওঁ কয়।
কাঠৰ উপৰিভাগ মিহি কৰিবলৈ তেওঁক প্ৰায় এঘণ্টা সময় লাগে। তাৰপিচত তেওঁ চুককেইটা মিহি কৰিবলৈ লয়। চুকবোৰ ঘূৰণীয়া কৰি লোৱাৰ পিছত তেওঁ কাণকেইটা চিৰিচ কাগজেৰে একেবাৰে কাঁচৰ দৰে মিহি নোহোৱালৈকে ঘঁহি থাকে।
খৰতাল ক্ৰয় কৰাৰ পিছত সংগীতজ্ঞসকলে চিৰিচ কাগজেৰে ঘঁহি সাংগীতিক ধ্বনি মিলাই লয়। সৰিয়হৰ তেলেৰে ঘঁহিলে বাদ্যযন্ত্ৰবিধে চেষ্টনাটৰ দৰে মুগা বৰণ ধৰে।
তেওঁ চফেদা কাঠৰ খৰতালৰ এটা ছেট বিক্ৰী কৰিলে ৩৫০ টকা পায়, শীশম কাঠৰ বিক্ৰি কৰিলে ৪৫০ টকা পায় কিয়নো “শীশম কাঠৰ খৰতালৰ ধ্বনি চফেদাতকৈ ভাল,” তেওঁ কয়।
বাওঁফালে: খৰতালৰ চাহিদা বাঢ়িছে যদিও হাতেবনোৱা খৰতালৰ শিল্পীৰ সংখ্যা জয়ছেলমেৰত টুটি আহিছে, অনুপৰমে কয়। সোঁফালে: শীশম কাঠৰ খৰতালৰ ধ্বনি ভাল
সোঁফালে: দৰ্জা বনাবলৈ অনুপৰমে বৈদ্যুতিক সঁজুলি আৰু মেচিন ব্যৱহাৰ কৰে। সোঁফালে: দৰ্জা এখন সুশোভিত কৰা কামত ব্যৱহাৰ কৰিবলৈ অনুপৰমে কাঠৰ টুকুৰা এটা কাটিছে
প্ৰতিমাহে অনুপৰমে ৫ৰ পৰা ১০ যোৰ খৰতালৰ অৰ্ডাৰ পায়। তেওঁ আৰম্ভ কৰা সময়ত দুইৰ পৰা চাৰিযোৰৰ অৰ্ডাৰহে পাইছিল। এইবিধ বাদ্যযন্ত্ৰৰ চাহিদা ৰাজস্থানলৈ বহু বিদেশী পৰ্য্যটক আগমন ঘটিবলৈ ধৰাৰ পিছৰে পৰা বাঢ়িছে যদিও বাদ্যযন্ত্ৰবিধ বনোৱা লোকৰ সংখ্যা কমিছে। দুটা দশক আগতে এইবিধ বাদ্যযন্ত্ৰ বনোৱা কাৰিকৰৰ সংখ্যা ১৫ জনৰো বেছি আছিল, কিন্তু এতিয়া জয়ছেলমেৰত খৰতাল বনোৱা কাৰিকৰৰ সংখ্যা আঙুলি মূৰত গণিব পাৰি। নতুনচাম বাঢ়ৈয়ে আচবাব বনোৱা কামত চহৰত ভাল দাম পায় বাবে চহৰলৈ প্ৰব্ৰজিত হৈছে।
পৰ্য্যটকক খৰতাল বিক্ৰী কৰা কিছুমান কাৰিকৰে বিদেশী পৰ্য্যটকৰ সৈতে অনলাইন ছেচনো পাতিছে আৰু এই সম্পৰ্কত আলোচনাও কৰিছে।
“এইবিধ শিল্প বহু পুৰণি, কিন্তু নতুনচামে খৰতাল বনোৱা কলাবিধ শিকিব নিবিচাৰে,” তেওঁ কয়। বিগত ৩০ টা বছৰত অনুপৰমে সাতজনক বাদ্যযন্ত্ৰবিধ বনোৱা শিকাইছে বুলি কয়। “সিহঁত য’তে নাথাকক কিয়, খৰতাল যেন বনাই থাকে। তাকেই আশা কৰোঁ।”
তেওঁৰ পুত্ৰ ২৮ বৰ্ষীয় প্ৰকাশ আৰু ২৪ বৰ্ষীয় কৈলাশে কেতিয়াও খৰতাল বনাই পোৱা নাই। তেওঁলোকে আন ৰাজ্যত বাঢ়ৈ হিচাপে কাম কৰে, অফিছ আৰু ঘৰৰ আচবাব নিৰ্মাণ কৰে। তেওঁৰ জীয়ৰী সন্তোষৰ বয়স ২০, তেওঁ বিবাহিত আৰু গৃহিণী। তেওঁৰ ল’ৰাহঁতে কেতিয়াবা খৰতাল বনাবলৈ শিকিব নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয়, “কৌয়ি ভৰোছা নহী হ্যে (নিশ্চয়তা নাই)।”
আমাৰ কথা-বতৰা শুনি থকা এজন গ্ৰাহকে তেওঁক সোধে, “আপ কিউ বড়ে চেহেৰ নহী গয়ে জ্যাদা পেইচা কমানে (বেছি ধন ঘটিবলৈ আপুনি কিয় ডাঙৰ চহৰলৈ নগ’ল)।” অনুপৰমে উত্তৰ দিয়ে, “হম ইছমে খুছ হ্যে (মই ইয়াতেই সুখী)।”
এই ষ্ট’ৰিটো মৃণালিনী মুখাৰ্জী ফাউণ্ডেচনৰ পৰা প্ৰাপ্ত অনুদানেৰে সংকেত জৈনে গ্ৰামীণ শিল্পীসকলৰ ওপৰত কৰা প্ৰতিবেদনলানিৰ এটা।
অনুবাদ: পংকজ দাস